
আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী ৰাহুল আলী, অভিযানত জব্দ নগদ ৫,৭৫,৯০০ টকা…
September 19, 2022ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।
এইবাৰ হাজো আৰক্ষীৰ জালত পৰিছে এগৰাকী ড্ৰাগছ ব্যৱসায়ী।
জালুকবাৰীৰ গাড়ীগাঁৱৰ মেধিপাৰাত হাজো আৰক্ষীৰ অভিযান।
ৰাহুল আলী নামৰ এটা ড্ৰাগছ মাফিয়াৰ ঘৰত আৰক্ষীৰ অভিযানত জব্দ হৈছে ৫,৭৫,৯০০ নগদ ধন।
শুকুৰবাৰে হাজোৰ দামপুৰত ড্ৰাগছ সহিতে আটক হোৱা ফৰিদুৰ ৰহমান নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ ভাষ্যৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ সহযোগত হাজো আৰক্ষীয়ে অভিযান চলায়।
অভিযানত জব্দ হৈছে এই ধনখিনি।
ইতিমধ্যে ৰাহুল আলীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।