আৰক্ষীৰ জালত ৬টাকৈ জুৱাৰী, জব্দ নগদ ধন…

আৰক্ষীৰ জালত ৬টাকৈ জুৱাৰী, জব্দ নগদ ধন…

September 19, 2022 Off By NEWS DESK

জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান।

চেঙাৰ কাছুমাৰা আৰক্ষীৰ জালত পৰিছে ৬টাকৈ জুৱাৰী।

বৰপেটাৰ চেঙাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰা গাওঁৰ আলফাজ আলীৰ ঘৰত জুৱা খেল চলি থকা বুলি গোপন খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলায়।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত চলা অতৰ্কিত অভিযানত কাছুমাৰা থানাৰ অন্তৰ্গত কামাৰপাৰাৰ জাকিৰ হুছাইন(৪০),নিৰ’লাৰ মাজম আলী(৩৬),ৰসিদ আলী(৪৩),পশ্চিম বাঘেৰচৰৰ আব্দুল আলম(৩২), কাৰাইখাইতিৰ জামাল উদ্দিন(৪০) আৰু আলোপতি থানাৰ অন্তৰ্গত ১ নং সুখোৱাৰঝাৰৰ ছাকাত হুছাইন(৩৩) আটক কৰিবলৈ সক্ষম হয়।

লগতে জুৱাৰী কেইটাৰ পৰা তাচ, ছয়টাকৈ মোবাইল ফোন, চাৰি খন বাইক গাড়ী সহ নগদ ১৬৭০০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে কাছুমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰজু কৰি জুৱাৰী ৬ জনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।