মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস, মহিলাৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা বাইকত অহা দুৰ্বৃত্তৰ…

মহানগৰীত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস।

মহিলাৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা বাইকত অহা দুৰ্বৃত্তৰ।

মহানগৰীৰ বশিষ্ঠৰ বাক্ৰাপাৰা-পিলিংকটা পথত সংঘটিত হৈছে এই ঘটনা।

বাইকত অহা দুই দুৰ্বৃত্তই থপিয়াইছিল মহিলাগৰাকীৰ বেগ।

ভুক্তভোগী মহিলাগৰাকীৰ নাম নুংছি তম্বী দেৱী।

ইপিনে ঘটনাস্থলীতে বাইক এৰি পলায়ন কৰে দুই দুৰ্বৃত্ত।

ইয়াৰ পিছতে বশিষ্ঠ আৰক্ষী উপস্থিত হৈ বাইকখন জব্দ কৰি আৰম্ভ কৰিছে তদন্ত।

জানিব পৰা মতে, ধৃত চিলনী চোৰে ব্যৱহাৰ কৰা বাইকখন হৈছে চুৰি বাইক।

উদয় নগৰৰ পৰা চুৰি হৈছিল বাইকখন।

বাইকখনৰ গৰাকী বিসম কুমাৰ সিং।

Leave a Comment