হোষ্টেলৰ পৰা প্ৰেমিকাক পলুৱাই নিয়াৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, প্ৰেমিকৰ অৱস্থা সংকটজনক…

হোষ্টেলৰ পৰা প্ৰেমিকাক পলুৱাই নিয়াৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, প্ৰেমিকৰ অৱস্থা সংকটজনক…

September 19, 2022 Off By NEWS DESK

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

হোষ্টেলৰ পৰা প্ৰেমিকাক পলুৱাই নিয়াৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত পতিত প্ৰেমিকৰ বাইক।

বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ২য় খণ্ডত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, বৰপেটা জিলাৰ খৰিচালাৰ জুমিৰকুৰ গাৱঁৰ শ্বহিদুল ইছলাম নামৰ যুৱকজনে নিশা গোলাপাৰাৰ পৰা প্ৰেমিকাক মটৰ চাইকেলৰে পলুৱাই নিয়াৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

গোলাপাৰাৰ পৰা প্ৰেমিকাক পলুৱাই নিয়াৰ সময়তে কিশোৰী গৰাকীৰ পৰিয়ালে জানিব পাৰি যুৱকজনৰ পিছে পিছে খেদি যোৱাত প্ৰেমিক শ্বহিদুল ইছলামে গাড়ীৰ গতি বৃদ্ধি কৰাৰ ফলত দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোৰ ফলত প্ৰেমিক শ্বহিদুল ইছলাম গুৰুতৰভাৱে আহত হয়।

আহত যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।