ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ, ৪.৫ কোটি টকা মূল্যৰ ড্রাগছ জব্দ

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ, ৪.৫ কোটি টকা মূল্যৰ ড্রাগছ জব্দ

September 19, 2022 Off By NEWS DESK

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

ড্ৰাগছ বিৰুদ্ধে বৃহৎ সফলতা কৰিমগঞ্জ আৰক্ষীৰ।

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ।

কৰিমগঞ্জত আৰক্ষীৰ অভিযানত জব্দ ৪.৫ কোটি টকাৰ ড্রাগছ।

পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাবাৰিবন্দত জব্দ হৈছে বুজন পৰিমাণৰ ড্ৰাগছখিনি।

গাঁওৰ জামিল আহমেদ নামৰ ব্যক্তিৰ ঘৰৰ চোতালত থোৱা চিলিণ্ডাৰ ভিতৰত আছিল ড্ৰাগছখিনি।

আৰক্ষীৰ অভিযানৰ অন্তত চিলিণ্ডাৰৰ ভিতৰৰ পৰা ওলাল ৪৯টা চাবোনৰ বাকচ। বাকচকেইটাত আছিল ৬৯০গ্ৰাম সন্দেহজনক হেৰ’ইন।

ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৪.৫ কোটি টকা হ’ব বুলি প্ৰকাশ কৰা হৈছে।

ইপিনে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে জামিল আহমেদে।