আজি সুৰশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন…

আজি সুৰশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন…

September 20, 2022 Off By NEWS DESK

আজি সুৰশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন ৷

জন্মদিনত দৰদী শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ ৰাজ্যবাসীৰ ৷

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ তথা অসমীয়া সংগীতৰ এক উজ্জল নক্ষত্ৰস্বৰূপ জয়ন্ত হাজৰিকাৰ জন্মদিন উপলক্ষে বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা জয়ন্ত হাজৰিকাই সৃষ্টি কৰিবলৈ সক্ষম হৈছিল অসমীয়া আধুনিক সংগীতত এক নিজস্ব শৈল।

পশ্চিমীয়া সংগীতক অসমীয়া সংগীতৰ লগত সংযোজন কৰি এক সুকীয়া সুৰীয়া বৈশিষ্টৰ সৃষ্টি কৰি জয়ন্ত হাজৰিকা কেইবাটাও প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ আছে।

মাত্ৰ ৩৪ বছৰীয়া জীৱনত জয়ন্ত হাজৰিকাই অসমীয়া সংগীতলৈ আগবঢ়াই থৈ গ’ল বহু অৱদান।

ৰাণাদাৰ জন্মদিন উপলক্ষ্যে চানমাৰিৰ জয়ন্ত হাজৰিকা উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।