আৰক্ষীৰ অভিযানত জব্দ ডেৰ কোটি টকা মূল্যৰ হেৰ’ইন, এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

আৰক্ষীৰ অভিযানত জব্দ ডেৰ কোটি টকা মূল্যৰ হেৰ’ইন, এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

September 20, 2022 Off By NEWS DESK

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ কামৰূপৰ ৰঙিয়াৰ কেকেনিকুছিত ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে আরক্ষীয়ে।

লগতে বহিঃৰাজ্যৰ হেৰ’ইন সৰবৰাহকাৰী এজনক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ৰঙিয়াৰ সমীপৰ মৰাণজানা গাঁও পঞ্চায়তৰ অধীনৰ কেকেনিকুছিত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে চলোৱা এক অভিযানত এটা ভাড়া ঘৰত ৭টাকৈ হেৰ’ইনভৰ্তি চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত সৰবৰাহকাৰীজন মণিপুৰৰ Sagol Shem Boicha Singh।

সৰবাৰহকাৰীজনে ৰঙিয়াত ভাড়াঘৰত থাকি দীৰ্ঘদিন ধৰি হেৰ’ইনৰ ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উঠিছে।

মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৯৭.৭৮ গ্ৰাম নিষিদ্ধ হেৰ’ইন।