
কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যােৱা অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু
September 20, 2022নিউজ ডেস্ক। কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ পুনৰ ৰহস্যজনকভাৱে মৃত্যু অসমৰ বাসিন্দাৰ।
চেন্নাইত মৃত্যু গােলাঘাট জিলাৰ নুমলীগড়ৰ মুৰফুলনীৰ কৰ্দৈগুৰিৰ যুৱতী ভানু দাসৰ।
জানিব পৰা মতে, ৮ মাহ পূৰ্বে সন্ধানহীন হৈ আছিল যুৱতীগৰাকী।
সন্ধানহীন হোৱাৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে বগীজান থানাত এখন এজাহাৰ দাখিল কৰিছিল।
কিন্তু কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে।
মুৰফুলনীৰ ভানু দাস নামৰ চেন্নাইৰ চেঙালপাট্টু মেডিকেল কলেজ হাস্পিতালত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।