চাঞ্চল্যকৰ! পিতৃ-মাতৃ অজ্ঞাতে ঘৰৰ পৰা সন্ধানহীন পাহী, পৰিয়ালত হাহাকাৰ…

চাঞ্চল্যকৰ! পিতৃ-মাতৃ অজ্ঞাতে ঘৰৰ পৰা সন্ধানহীন পাহী, পৰিয়ালত হাহাকাৰ…

September 20, 2022 Off By NEWS DESK

এক চাঞ্চল্যকৰ ঘটনা!

কেইবাদিন ধৰি সন্ধানহীন এগৰাকী কিশোৰীক লৈ চৰাইদেউত চাঞ্চল্য।

বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে চৰাইদেউ সাপেখাতীত লংপতীয়াৰ এগৰাকী কিশোৰী।

সন্ধানহীন কিশোৰীগৰাকী স্থানীয় সুৰেণ গগৈ আৰু দীপশিখা গগৈৰ একমাত্ৰ কন্যা পাহী গগৈ বুলি জানিব পৰা গৈছে।

দৰিদ্ৰ পিতৃ-মাতৃয়ে ঘৰৰ পৰা কাম কৰিবলৈ যাওঁতেই কিশোৰীগৰাকী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।

কিশোৰীগৰাকী কি কাৰণত ঘৰৰ পৰা সন্ধানহীন হ’ল তাকে লৈ চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ।

ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিছে যদিও কিশোৰীগৰাকীৰ কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।