
হাৰ্ডিক পাণ্ডিয়াৰ দুৰ্দান্ত বেটিং! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৫টা বলতে অৰ্ধশতক অৰ্জন…
September 20, 2022অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ মেচত ভাৰতীয় ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়াৰ দুৰ্দান্ত বেটিং।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৫টা বলতে অৰ্ধশতক অৰ্জন পাণ্ডিয়াৰ।
মেচখনত ৩০টা বলত মুঠ ৭১ ৰান সংগ্ৰহেৰে অপৰাজেয় হৈ ৰয় অল ৰাউণ্ডাৰ ক্ৰিকেটাৰগৰাকী।
ভাৰতে প্ৰথমে বেটিঙ কৰি কে এল ৰাহুল আৰু হাৰ্ডিক পাণ্ডিয়াৰ দৰ্শনীয় অৰ্ধ শতকৰ সহায়ত বিপক্ষ অষ্ট্ৰেলিয়াক জয়ৰ বাবে ২০৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।
পাণ্ডিয়াই মাত্ৰ ৩০টা বলত ৫ টা অ’ভাৰ বাউণ্ডেৰী আৰু ৭ টা বাউণ্ডেৰীৰে ৭১ ৰাণৰ দৰ্শনীয় ইনিংছ খেলে।
ৰাহুলে ৫৫ ৰাণ কৰাৰ উপৰি সূৰ্য কুমাৰে সময়োপযোগী ৪৬ ৰাণ কৰি দলক সবল স্থিতিত উপনীত কৰায়।
৩৫টা বলত কে এল ৰাহুলে ৫৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে সূৰ্যকুমাৰে ২৫টা বলত সংগ্ৰহ কৰে ৪৬ ৰান।
মোহালিত কেংগাৰু বাহিনীৰ বিৰুদ্ধে হোৱা প্ৰথম টি-২০ মেচখনত নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ভাৰতে প্ৰতিপক্ষক বান্ধি দিয়ে ২০৯ ৰানৰ লক্ষ্য।