চাঞ্চল্যকৰ! কেইবাদিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী, পৰিয়ালত হাহাকাৰ

চাঞ্চল্যকৰ! কেইবাদিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী, পৰিয়ালত হাহাকাৰ

September 21, 2022 Off By NEWS DESK

এক চাঞ্চল্যকৰ ঘটনা।

কেইবাদিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী।

চামগুৰি পশ্চিম শালপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

জানিব পৰা মতে, তিনিদিন ধৰি সন্ধানহীন হৈ আছে পশ্চিম শালপাৰাৰ চজিনা বেগম নামৰ এগৰাকী বোৱাৰী।

পশ্চিম শালপাৰাস্থিত স্বামীগৃহৰ পৰা নিৰুদ্দিষ্ট হৈ আছে মহিলাগৰাকী।

স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছৰে পৰাই চজিনা বেগম নামৰ মহিলাগৰাকী সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰ লোকে জানিব দিয়ে।

পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰিও নাপালে কোনো সন্ধান।

কোনো লোকে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ কিবা সম্ভেদ পালে 93651-44544 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বামী তথা পৰিয়ালৰ লোকে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে।