ৰহস্যজনক! কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ যুৱক, পৰিয়ালত হাহাকাৰ…

পুনৰ বহিঃৰাজ্যত সন্ধানহীন এগৰাকী অসমৰ যুৱক।

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হোৱা যুৱকজন ৰূপহীহাট কুমাৰ গাঁৱৰ টুটা মিঞাৰ পুত্ৰ ছাদিকুল ইছলাম বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ছাদিকুল ইছলাম বিগত তিনিমাহ পূৰ্বেই চুবুৰীয়া আছিকুল হক নামৰ যুৱক এজনৰ লগত কৰ্মসূত্ৰে কেৰেলালৈ গৈছিল। দুমাহমান কেৰেলাত কাম কৰাৰ পিছত তেওঁলোক তামিলনাডুলৈ কাম কৰিবলৈ গৈছিল।

কিন্তু তাৰপিছৰ পৰাই ছাদিকুল ইছলামৰ পৰিয়ালৰ সৈতে ফোনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

সন্ধানহীন যুৱকজনৰ সন্ধানত বহু চেষ্টা কৰিও কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে।

আনহাতে আছিকুল হক নামৰ যুৱকজনেও দিব পৰা নাই ছাদিকুলৰ কোনো ঠিকনা কিম্বা সম্ভেদ।

কোনো সদাশয় লোকে যুৱকজনৰ সম্ভেদ পালে 80111-65059, 60030-50861 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।