
নৈত উটি অহা এমহীয়া হাতী পোৱালি উদ্ধাৰ বন বিভাগৰ…
September 24, 2022চিৰাঙত নৈত উটি অহা এমহীয়া হাতী পোৱালি এটা উদ্ধাৰ কৰে বন বিভাগে ৷
ভাৰত-ভূটান সীমান্তৰ আমটেকা ৰেঞ্জৰ অন্তৰ্গত বান্ধুগুৰিত কণমানি বনৰীয়া হাতীৰ পোৱালি এটি বন বিভাগৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
প্ৰায় এমহীয়া মতা হাতী পোৱালিটো দুপৰীয়াৰ ভাগত স্থানীয় ৰাইজে টাকলাই নৈৰ পানীত উটি যোৱা দেখিছিল ৷
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বনবিভাগ লোক উপস্থিত হৈ হাতী পোৱালিটোক উদ্ধাৰ কৰে।
ইতিমধ্যে বন বিভাৰ ফালৰ পৰা হাতীটোক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে গাখীৰ যোগান ধৰা হৈছে বুলি জানিব পৰা গৈছে।