বন বিভাগৰ অভিযানত জংঘলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডা…

বন বিভাগৰ অভিযানত জংঘলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডা…

September 24, 2022 Off By NEWS DESK

চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ সফল অভিযান।

জংঘলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা।

ছয়গাঁৱৰ গৰৈমাৰীৰ টপাৰপথাৰত বন বিভাগৰ অভিযানত জব্দ হৈছে চোৰাং শাল কাঠৰ কুণ্ডাখিনি।

নগৰবেৰা আৰু গৰৈমাৰী বন বিভাগৰ লোকে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে এই শাল কাঠখিনি।

জব্দকৃত কাঠখিনি কোনে ক’ৰপৰা আনি তেনেদৰে লুকুৱাই ৰাখিছিল সেই কথা জানিব পৰা হোৱা নাই।

জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৭০হাজাৰ টকা হ’ব বুলি জানিবলৈ দিয়ে বন বিভাগে।

পৰৱৰ্তী সময়ত জব্দকৃত কাঠখিনি বন বিভাগে গৰৈমাৰী বন বিভাগৰ কাৰ্যালয়লৈ নিয়ে।