শোকাৱহ! পথৰ দাঁতিত থিয় হৈ থাকোতে ক্ৰেণে মহতীয়াই নিলে পঞ্চায়ত সদস্যক, মৃত্যু…

শোকাৱহ! পথৰ দাঁতিত থিয় হৈ থাকোতে ক্ৰেণে মহতীয়াই নিলে পঞ্চায়ত সদস্যক, মৃত্যু…

September 24, 2022 Off By NEWS DESK

এক শোকাৱহ দুৰ্ঘটনা।

পথৰ দাঁতিত থিয় হৈ থাকোতে ক্ৰেণে মহতীয়াই নিলে এগৰাকী পঞ্চায়ত সদস্যক।

নিহত লোকজন নলবাৰীৰ ১২ নং বৰিডটাৰা গাঁও পঞ্চায়তৰ সদস্য বাপন কলিতা বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, নলবাৰীৰ দক্ষিণ গাঁৱত নিৰ্মিয়মাণ মেডিকেল কলেজৰ ডাকাম কৰা গৌতম কনষ্ট্ৰাক্ছনৰ এখন ক্ৰেণে মহতীয়াই নিয়ে বাপনক।

ফলত থিতাতে নিহত হয় বাপন কলিতা নামৰ বিজেপিৰ পঞ্চায়ত সদস্যগৰাকীৰ।

দুৰ্ঘটনা সংঘটিত কৰা ক্ৰেণখনৰ নম্বৰ RJ-14-EA1813।

এই ঘটনাক লৈ নাৰপাৰাৰ লগতে দক্ষিণ গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুটি কণমানি সন্তানৰ পিতৃ বাপন কলিতাৰ মৃতদেহ নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।