সোপাধৰাৰ উৰা বাতৰি বিয়পাই আৰক্ষীৰ জালত দুজন…

সোপাধৰাৰ উৰা বাতৰি বিয়পাই আৰক্ষীৰ জালত দুজন…

September 24, 2022 Off By NEWS DESK

অসমৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটতো একাংশ লোকৰ মাজত বিয়পিছে সোপাধৰাৰ উৰাবাতৰি।

যোৰহাট আৰক্ষীয়ে এনে ঘটনাৰে জড়িত তথা ছচিয়েল মিডিয়া বা আন কোনো মাধ্যমেৰে সোপাধৰাৰ উৰাবাতৰি বিয়পাবলৈ বিচৰা লোকৰ ওপৰত গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

সোপাধৰাৰ উৰা বাতৰি বিয়পোৱাৰ অভিযোগত যোৰহাট আৰক্ষীৰ জালত পৰিছে দুজন।

বৃহস্পতিবাৰে নিশা যোৰহাটৰ মিছন হাস্পতালৰ সমীপত এজন অচিনাকী যুৱকক কেইজনমান যুৱকে সোপাধৰা বুলি মাৰপিট কৰিছিল।

এই ঘটনাৰে জড়িত থকাৰ অভিযোগত দুই যুৱক ক্ৰমে অভিনন্দন গগৈ, আৰু পুতু বাচফৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্ত এই দুগৰাকী ব্যক্তিয়ে ফেচবুকত সোপাধৰা সন্দৰ্ভত উৰা বাতৰি প্ৰচাৰ কৰি পোষ্ট কৰিছিল।

এই সন্দৰ্ভত যোৰহাত আৰক্ষী অধীক্ষক মোহনলাল মিনাই কয়- আমি ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো। উৰাবাতৰি বিয়পাব পৰা যিকোনো পোষ্ট দিয়া লোকৰ বিৰুদ্ধে আমি কঠোৰ আইনগত ব্যৱস্থা ল’ম। সোপাধৰা কেন্দ্ৰীক উৰাবাতৰি বিয়পাব পৰা যিকোনো ঘটনাৰ পৰা আঁতৰি থাকিবলৈ আমি ৰাইজক আহ্বান জনাইছো।