চাঞ্চল্যকৰ! সন্তানৰ সন্মুখতে মাতৃক নৃশংসভাৱে হত্যা অচিনাকী দুৰ্বৃত্তৰ…

চাঞ্চল্যকৰ! সন্তানৰ সন্মুখতে মাতৃক নৃশংসভাৱে হত্যা অচিনাকী দুৰ্বৃত্তৰ…

September 26, 2022 Off By NEWS DESK

এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

সন্তানৰ সন্মুখতে মাতৃক নৃশংসভাৱে হত্যা অচিনাকী দুৰ্বৃত্তৰ।

মহালয়াৰ সন্ধিয়া নগাঁৱৰ হৰিজন কলনিত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড।

অজ্ঞাত ঘাতকে ঘৰৰ ভিতৰতে চুৰিৰে ডিঙি ৰেপি হত্যা কৰা হৈছে মহিলাগৰাকীক।

হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ ৰূমী দত্ত জানিব পৰা গৈছে।

জানিব পৰা মতে সন্ধিয়া নিজ ঘৰত ৰূমী দত্ত, বৃদ্ধ শাহু আৰু ১১ বছৰীয়া সন্তানৰ সৈতে আছিল।

দুৱাৰ বন্ধ কৰি ঘৰৰ ভিতৰত থকা অৱস্থাত কলিঙ বেল বজাত ৰূমী দত্তই দুৱাৰ খুলি দিয়ে ৷ দুৱাৰ খুলি দিয়াৰ সময়ত মাতৃৰ লগত সন্তানটিও আছিল।

দুৱাৰ খুলি দিয়াৰ পিছত ৰূমীক ঘাতকে ডিঙিত চোকা অস্ত্ৰৰে ৰেপি দিয়ে।

পিছত স্থানীয় লোক ৰূমী দত্তৰ ঘৰত উপস্থিত হৈ তেজৰ দোঙাৰ মাজত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা এখন চুৰি উদ্ধাৰ কৰিছে।

ইতিমধ্যেই আৰক্ষীয়ে সুব্ৰত মজুমদাৰ নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে।