
অসমে হেৰুৱালে এটি সম্ভাৱনাক! মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যু
October 5, 2022মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যু।
গীত,নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) বুধবাৰে আকস্মিক মৃত্যু ঘটে।

জানিব পৰা মতে, গাৱঁৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি কণ কণ শিশু শিল্পী সকলৰ প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠান।
উক্ত অনুষ্ঠানত বৰগীত পৰিবেশন কৰিবলৈ যোৱা তেজশ্বিতা হঠাৎ অসুস্থ হৈ পৰাত নামঘৰৰ পৰা গাৱঁৰ যুৱক আৰু পৰিয়ালৰ ততাতোয়াকৈগড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও অকাল মৃত্যুক সাৱতি ল’লে তেজস্বীতাই।
বৰগীত পৰিবেশনৰ বাবে সাজি কাচি প্ৰস্তুত হোৱা তেজশ্বিতাৰ আকস্মিক মৃত্যুক সহজ ভাৱে মানি লব পৰা নাই মাজুলী বাসীয়ে।
মৃত্যুৰ খবৰ বিয়পি লাভ কৰাৰ পিছত নিশাৰ ভাওনাকে ধৰি জন্মোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰে গাঁৱবাসীয়ে।
তিনি বছৰ বয়সৰ পৰা গীত পৰিৱেশনৰ জৰিয়তে জনতাৰ হৃদয় জয় কৰি অহা তেজশ্বিতাই।

তীক্ষ্ণ মেধা সম্পন্ন, মাজুলী আইলেন্ড একাডেমী ৰ নৱম শ্ৰেণীৰ ছাত্ৰী তেজশ্বিতাৰ পিতৃয়ে চাৰিদিনৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ সুবিধা হোৱাকৈ এখন চাৰিচকীয়া বাহন ক্ৰয় কৰি দিছিল তাইক।
দৰিয়া গাঁৱৰ নিবাসী বাবুল বৰুৱা, নিলাক্ষী বৰুৱাৰ একমাত্ৰ কণ্যা তেজশ্বিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয় আৰু বাসগৃহত হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত হৈ শিল্পী গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।