ভয়ংকৰ দুৰ্ঘটনা! উন্মুক্ত ৰে’ললাইন পাৰ হ’ব লওঁতেই ৰে’লে মহতিয়াই নিলে বাহন…

ভয়ংকৰ দুৰ্ঘটনা! উন্মুক্ত ৰে’ললাইন পাৰ হ’ব লওঁতেই ৰে’লে মহতিয়াই নিলে বাহন…

October 6, 2022 Off By NEWS DESK

এক ভয়ংকৰ দুৰ্ঘটনা।

উন্মুক্ত ৰে’ললাইন পাৰ হ’ব লওঁতেই ৰে’লে মহতিয়াই নিলে চাৰিচকীয়া বাহন

ধনশিৰি মহকুমাৰ টেঙানিৰ খোকনগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

এখন চাৰিচকীয়া বাহনে উন্মুক্ত ৰে’ললাইন পাৰ হ’বলৈ লওঁতেই ৰে’লে মহতিয়াই নিয়ে বাহনখনক।

দুৰ্ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়।

স্থানীয় ৰাইজে ৰে’ল বিভাগক উক্ত ৰে’ল লাইনটোত এখন ৰে’লগেট স্থাপন কৰাৰ বাবে বহুবাৰ আবেদন কৰিছিল যদিও আজিকোপতি কোনো ধৰণৰ সহাৰি লাভ কৰা নাই।

ৰে’ল বিভাগ গাফিলতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।