আৰক্ষীৰ অভিযানত উদ্ধাৰ কেঁকো সাপ, চাৰি সৰবৰাহকাৰীক আটক…

আৰক্ষীৰ অভিযানত উদ্ধাৰ কেঁকো সাপ।

বাক্সা জিলাৰ বৰামৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত কেঁকোসাপসহ আটক ৪জন।

এক গোপন সূত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুটাকৈ স্থানত বৰমা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি গোস্বামীৰ নেতৃত্বত চলিছিল অভিযান।

অভিযানত ৪জন লোকক আটক কৰাৰ লগতে উদ্ধাৰ এডাল কেঁকোসাপ।

লগতে আৰক্ষীয়ে জব্দ কৰে এখন নম্বৰবিহীন বাইকৰ লগতে AS28 D3987 আৰু AS15 S4856 নম্বৰৰ দুখন বাইক।

আটকাধীন সৰবৰাহকাৰী কেইজন হৈছে- হিতেশ ৰয়, নাৰায়ণ ৰয়, হিমাংশু ৰয় আৰু জয়ন্ত ৰায়।

ইয়াৰে জয়ন্ত ৰায় নামৰ ধৃত লোকজন কেঁকোসাপ সৰবৰাহৰ মূল অভিযুক্ত বুলি জানিব পৰা গৈছে।

আটকাধীন আটাইকেইজনে বজালীৰ পাঠশালাৰ বুলি আৰক্ষীয়ে সদৰি কৰিছে।