চাঞ্চল্যকৰ! টিউশ্যনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা দশম শ্ৰেণীৰ ছাত্ৰী ছানিয়া সন্ধানহীন, পৰিয়ালত হাহাকাৰ…

চাঞ্চল্যকৰ! টিউশ্যনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা দশম শ্ৰেণীৰ ছাত্ৰী ছানিয়া সন্ধানহীন, পৰিয়ালত হাহাকাৰ…

October 7, 2022 Off By NEWS DESK

এক চাঞ্চল্যকৰ ঘটনা।

টিউশ্যনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন।

হোজাইৰ মোৰাঝাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই ব্ৰাইট ফিউচাৰ একাডেমিৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী ছানিয়া বেগমৰ।

নিৰুদ্দিষ্ট ছানিয়া বেগম হোজাই মোৰাঝাৰৰ অকচেক পথাৰৰ জামালউদ্দিন নামৰ লোকজনৰ একমাত্ৰ ১৫ বছৰীয়া কন্যা।

যোৱা মঙলবাৰে ৰাতিপুৱা ৭বজাত ছানিয়াই ঘৰৰ পৰা ওলাই গৈছিল টিউশ্যনলৈ।

ঘটনা সন্দৰ্ভত মোৰাঝাৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এখন এজাহাৰ।

কোনো লোকে ছাত্ৰীগৰাকীৰ সন্ধান পালে পৰিয়ালৰ 86606-27640 নম্বৰ অথবা আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ।