চাঞ্চল্যকৰ! পূজা চাবলৈ গৈ সন্ধানহীন দৈব্যজ্যোতি দাস, পৰিয়ালত হাহাকাৰ…

চাঞ্চল্যকৰ! পূজা চাবলৈ গৈ সন্ধানহীন দৈব্যজ্যোতি দাস, পৰিয়ালত হাহাকাৰ…

October 7, 2022 Off By NEWS DESK

এক চাঞ্চল্যকৰ ঘটনা।

পূজা চাবলৈ গৈ সন্ধানহীন এগৰাকী যুৱক।

জানিব পৰামতে, বাইহাটা চাৰিআলিৰ খেহনিয়াপাৰা গাঁৱৰ ১৮ বছৰীয়া দৈব্যজ্যোতি দাস নামৰ যুৱকজনে যোৱা ৩ অক্টোবৰ সোমবাৰে আবেলি ৪ বজাত পূজা চাম বুলি ঘৰৰ পৰা ওলাই যায়।

কিন্তু পূজা চাবলৈ গৈ যুৱকজনে বৰ্তমানলৈ ঘৰলৈ উভতি নহাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়াল।

গুৱাহাটী কামাখ্যা ৰে’লৱে ষ্টেচনত কোনো এজন বন্ধুৱে প্ৰত্যক্ষ কৰিছিল যদিও এইপৰ্যন্ত দৈব্যজ্যোতি ঘৰলৈ উভতি নহাত হতাশাত ভুগিছে পৰিয়ালটিয়ে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া পৰিয়ালটিয়ে।

কোনো লোকে সন্ধানহীন যুৱকজনৰ সন্ধান পালে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ কাঁতৰ আহ্বান জনাইছে যুৱকজনৰ পিতৃ-মাতৃয়ে।