ৰহস্যজনক! নৈত উদ্ধাৰ ITBPৰ জোৱানৰ মৃতদেহ উদ্ধাৰ…

ৰহস্যজনক! নৈত উদ্ধাৰ ITBPৰ জোৱানৰ মৃতদেহ উদ্ধাৰ…

October 7, 2022 Off By NEWS DESK

এগৰাকী ITBPৰ জোৱানৰ ৰহস্যজনক মৃত্যুকলৈ চাঞ্চল্য।

দশমীৰ পুৱা নগাঁৱৰ কলঙত উদ্ধাৰ জোৱানৰ মৃতদেহ।

মৃত জোৱানজন পৰবিন্দৰ কুমাৰ নেগী বুলি জানিব পৰা গৈছে।

পৰবিন্দৰ নেগী হিমাচল প্ৰদেশৰ বাসিন্দা।

অৰুণাচল প্ৰদেশৰ ITBPৰ জোৱান হিচাপে কৰ্মৰত আছিল পৰবিন্দৰ নেগী।

নৱমীৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল জোৱানজন।

জানিব পৰা মতে, নগাঁৱৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল পৰবিন্দৰ নেগী।

পত্নী গৰ্ভৱতী হোৱাৰ বাবে নগাঁৱলৈ খবৰ কৰিবলৈ আহিছিল যদিও দশমীৰ দিনা কলঙত উদ্ধাৰ হয় জোৱানজনৰ মৃতদেহ।

জেৱানজনৰ মৃত্যু হোৱা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।