দুঃখবৰ! উত্তৰাখণ্ডৰ হিমস্খলনস্থলীত উদ্ধাৰ অসম কন্যা দীপশিখাৰ মৃতদেহ, মৰণোত্তৰ পৰীক্ষাৰ অন্তত অনা হ’ব স্বগৃহলৈ…

দুঃখবৰ! উত্তৰাখণ্ডৰ হিমস্খলনস্থলীত উদ্ধাৰ অসম কন্যা দীপশিখাৰ মৃতদেহ, মৰণোত্তৰ পৰীক্ষাৰ অন্তত অনা হ’ব স্বগৃহলৈ…

October 8, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পৰ্বতাৰোহণ কৰিবলৈ গৈ উত্তৰকাশীৰ পৰ্বত শৃংগত সন্ধানহীন হৈ পৰা অসম কন্যা দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ।

প্ৰচণ্ড হিমস্খলনত সন্ধানহীন হোৱাৰ ৪ দিন পিছত অৱশেষত উদ্ধাৰ অসমৰ পৰ্বতাৰোহীগৰাকীৰ মৃতদেহ।

দীপশিখাৰ লগতে একেলগে উদ্ধাৰ কৰা হৈছে আন জন সতীৰ্থৰো মৃতদেহ।

এতিয়ালৈকে হিমস্খলনস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ২৬ জনৰ মৃতদেহ।

কিন্তু এতিয়াও সম্ভেদ পোৱা নাই আন ৩ জনৰ।

ইফালে অসম কন্যা দীপশিখাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত গুৱাহাটীলৈ অনা হ’ব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে উত্তৰাখণ্ডতে আছে দীপশিখাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃ।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে গৈছিল দীপশিখা হাজৰিকা।

প্ৰশিক্ষণ কেন্দ্ৰটোৰ ৪১ গৰাকী প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীয়ে হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডা শৃংগ আৰোহণ কৰি নামি অহাৰ সময়তে হিমস্খলনৰ সন্মুখীন হৈছিল।