মহানগৰীত দিন দুপৰতে ডকাইতি, ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত…

মহানগৰীত দিন দুপৰতে ডকাইতি, ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত…

October 9, 2022 Off By NEWS DESK

মহানগৰীত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত।

গুৱাহাটীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ জুৰোড তিনিআলিত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। 

৪-৫ জনীয়া ডকাইতৰ দলটোৱে লুটি নিয়ে ব্যৱসায়িক প্ৰতিষ্ঠান।

ইনতাজ পাণ চপত সংঘটিত হয় এই ডকাইতি কাণ্ড।

জানিব পৰা মতে, ডকাইতৰ দলটোৱে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি প্ৰৱেশ কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনত। তাৰ পিছতে আৰম্ভ কৰে ডকাইতি কাৰ্য।

খন্তেকতে প্ৰায় ৫০ হাজাৰ নগদ ধন লুটি নিয়ে দুৰ্বৃত্তৰ দলটোৱে।

আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।