মৰ্মান্তিক! পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বনৰীয়া হাতীৰ

মৰ্মান্তিক! পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বনৰীয়া হাতীৰ

October 9, 2022 Off By NEWS DESK

নিউজ ডেস্ক। বিগত বিগত ৩-৪ দিন ধৰি ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিদিনে ৰহস্যজনকভাৱে মৃত্যু ঘটিছে বনৰীয়া হাতীৰ।

এইবাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বিদ্যুৎস্পৃষ্ট হৈ এটা হাতীৰ মৃত্যুৰ ঘটনা পােহৰলৈ আহিছে।

জানিব পৰা মতে, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অসম-অৰুণাল সীমান্তৱৰ্তী পথৰ কাষত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

বন বিভাগৰ লোকে জানিবলৈ দিয়ামতে, শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে অৰুণাচল সংযোগী বিদ্যুৎ পৰিবাহী মুক্ত তাঁৰত লগাৰ ফলতে এই কৰুণ ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে বন বিভাগে।

শনিবাৰে স্থানীয় লোকে মৃত হাতীটো প্ৰত্যক্ষ কৰাত বন বিভাগক খবৰ কৰে।

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ইপিনে পশু চিকিৎসকৰ দল এটিও ঘটনাস্থলীত উপস্থিত হৈ হতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে।