ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল যাত্ৰীবাহী উইংগাৰ বাহন

নিউজ ডেস্ক। ধেমাজী জিলাৰ জোনাইৰ লেকুত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী উইংগাৰ বাহন।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এটি শিশুসহ ৬ জন লোক।

জানিব পৰা মতে, দেওবাৰে দিনৰ প্ৰায় ১১বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

প্ৰত্যক্ষদৰ্শীৰ মতে, AR-01K-6846 নম্বৰৰ উইংগাৰ বাহনখনে ইটানগৰৰ পৰা পাচিঘাট অভিমুখে গৈ থকা অৱস্থাত এজন চাইকেল আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই লেকুত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাৱৈত বাগৰি পৰে।

ফলত বাহনখনত থকা এটি শিশুসহ ৬গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।