ভয়ংকৰ ঘটনা! ৰাজপথত হঠাৎ দাওদাওকৈ জ্বলি উঠিল এখন শিল ভৰ্তি ডাম্পাৰ…

ভয়ংকৰ ঘটনা! ৰাজপথত হঠাৎ দাওদাওকৈ জ্বলি উঠিল এখন শিল ভৰ্তি ডাম্পাৰ…

October 10, 2022 Off By NEWS DESK

এক ভয়ংকৰ ঘটনা।

ৰাজপথত দাওদাওকৈ জ্বলিল এখন শিল ভৰ্তি ডাম্পাৰ।

ডবকাৰ শালবাগানত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠিত হৈছে এই ঘটনাটো।

পথৰ দাতিত হঠাৎ দাওদাওকৈ জ্বলি উঠিল এখন শিল ভৰ্তি ডাম্পাৰ।

জুই লগাৰ পাছতেই স্থানীয় ৰাইজৰ সহযোগত ডবকা আৰক্ষীয়ে খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক।

অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলিত ততাতৈয়াকৈ উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

কিছু সময়ৰ পাছতেই অগ্নি নিৰ্বাপন কৰা হয় যদিও দুৰ্ঘটনাটিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত পৰিলক্ষিত হয় ব্যাপক যান-জঁটৰ।

বৈদ্যুতিক বিজুতিৰ বাবেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা হালধিআটীৰ শুভাংকৰ দেৱনাথৰ মালিকাধীন AS 09 AC 9223 নম্বৰৰ ডাম্পাৰ খনে ডবকা অভিমুখে কাৰ্বি আংলঙৰ পৰা বল্ডাৰ কঢ়িয়াই আনিছিল।