পুনৰ ঘোচ কাণ্ড! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লাটমণ্ডল আব্দুল শ্বেখ…

পুনৰ ঘোচ কাণ্ড! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লাটমণ্ডল আব্দুল শ্বেখ…

October 15, 2022 Off By NEWS DESK

পুনৰ ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এইবাৰ ভিজিলেঞ্চৰ অভিযান চলিল যোৰহাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত।

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হয় এগৰাকী লাটমণ্ডল।

যোৰহাট ৰাজহ চক্ৰৰ লাটমণ্ডল আব্দুল শ্বেখক গ্ৰেপ্তাৰ।

মাটি সংক্ৰান্তীয় কামৰ বিনিময়ত উৎকোচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ লাট মণ্ডল মােঃ আব্দুল বাকি শ্বেখ।

এই সংক্ৰান্তত ভুক্তভােগী লোকজনে দুৰ্নীতি নিবাৰক শাখাত অভিযােগ দাখিল কৰাৰ পিছতে অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে লাটমণ্ডল শ্বেখক।

এই কথা টুইটাৰযোগে সদৰি কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী জি পি সিঙে।

উল্লেখ্য যে, ঘোচ লৈ যোৱা দুমাহত গ্ৰেপ্তাৰ হৈছে ৩১ জন চৰকাৰী কৰ্মচাৰী।

ইতিমধ্যে ধৃত আব্দুল বাকি শ্বেখক জেৰা চলাই দুৰ্নীতি সংক্ৰান্তীয় বহু তথ্য লাভ কৰিছে অভিযানকাৰী দলে।