
ৰহস্যজনক! কেইবাদিন ধৰি সন্ধানহীন কণমানি সন্তানৰ মাতৃ কলিনা মাৰ্দি, পত্নীক বিচাৰি স্বামীৰ হাহাকাৰ…
October 15, 2022এক ৰহস্যজনক ঘটনা।
কেইবাদিন ধৰি সন্ধানহীন এগৰাকী কণমানি সন্তানৰ মাতৃ।
বঙাইগাঁৱৰ বিজনী বড়োবাজাৰ বগৰীগুৰীৰ সংঘটিত হৈছে মহিলা নিৰুদ্দেশৰ ঘটনা।
মহিলাগৰাকী স্থানীয় বাসিন্দা অশোক বাস্কিৰ পত্নী কলিনা মাৰ্দি বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, যোৱা ২ অক্টোবৰৰ দিনা ৰাতিপুৱা প্ৰায় ৯.৩০ মানত বজাত নিজ গৃহৰ পৰা ৰহস্যজনকৰভাৱে সন্ধানহীন হয় মহিলাগৰাকী।
উল্লেখ্য যে উক্তদিনা অশোক বাস্কি বড়োবজাৰত থকা নিজৰ গেলামালৰ দোকানত ব্যস্ত থকাৰ বিপৰীতে ঘৰত আছিল কণমানি ৬ বছৰীয়া সন্তানটি।
ঘটনা সংক্ৰান্তত যোৱা ৪ অক্টোবৰত বৰোবজাৰস্থিত আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
সন্ধানহীন মহিলাগৰাকীৰ কোনো লোকে সন্ধান পালে 96784-94133 নম্বৰত অথবা আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।