
ৰাজ্যত পুনৰ গজৰাজৰ মৃত্যু, বিষক্ৰিয়া হৈ বন্যহস্তীৰ মৃত্যু হোৱাৰ সন্দেহ…
October 18, 2022ৰাজ্যত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ।
গোৱালপাৰাৰ শোলমাৰীৰ গেন্দ্ৰাপাৰা খেতিপথাৰত উদ্ধাৰ এটা মৃত বন্যহস্তী।
হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ধান খাই বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ।
স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি, শনিবাৰে নিশা খাদ্যৰ সন্ধানত ধাননি পথাৰলৈ ওলাই আহিছিল এটা বন্যহস্তীৰ জাক।
ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।
উল্লেখ্য যে কেইদিনমান পূৰ্বে দুটা বন্যহস্তীৰ মৃত্যু হোৱাৰ লগতে এটা মহতে মুঠ তিনিটা বন্যহস্তীৰ মৃত্যু ঘটে।