মৰ্মান্তিক! পথাৰলৈ গৰু আনিবলৈ গৈ ব্ৰজপাতত প্ৰাণ গ’ল মহিলাৰ
নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। পথাৰলৈ গৰু আনিবলৈ গৈ ব্ৰজপাতত প্ৰাণ গ’ল মহিলাৰ। বোকাজানৰ টিংলিজানৰ দ-হোলা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। নিহত মহিলাগৰাকী পুতু মেচ বুলি জানিব পৰা গৈছে। পুতু মেচৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ আৰক্ষীৰ। এই ঘটনাকলৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
