আৰক্ষীৰ জালত তিনি কেজি গাঞ্জাসহ দুই সৰবৰাহকাৰী…

গৰৈমাৰীত ছয়গাঁও আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান। অভিযানত গাঞ্জাসহ আটক দুজনকৈ লোক। আটকাধীন গাঞ্জা ব্যৱসাসী দুজন চান মিঞা আৰু সহৰ আলী। ছয়গাঁৱৰ পুখুৰীপাৰত চলিছিল এই অভিযান। ছয়গাঁও আৰক্ষী থানাৰ উপ পৰিদৰ্শক অংকিত কুমাৰে চলাইছিল অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰে তিনি কেজি শুকান গাঞ্জা। গাঞ্জা সৰবৰাহ কৰি থকা অৱস্থাত হাতে-লুটে ধৰা পৰে ব্যৱসায়ী দুজন।

বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে আৰক্ষীৰ জালত পৰিল ২ গৰু সৰবৰাহকাৰী

ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত আছে গৰুৰ চােৰাং সৰবৰাহ। এইবাৰ মানকাচৰ দক্ষিণ শালমাৰা জিলাৰ হাটশিঙিমাৰীৰ ভাৰত বাংলাদেশ সীমান্তত গৰু সৰবৰাহৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিল ২ গৰু সৰবৰাহকাৰী। লগতে জব্দ হ’ল ৪ টা গৰু। ধৃত সৰবৰাহকাৰী দুটা ইমান আলী আৰু ৰহিম উদ্দীন মণ্ডল। ধৃত গৰু সৰবৰাহকাৰী দুটাক খাৰুৱাবান্ধা আৰক্ষীয়ে জেৰা চলাই আছে।

শােকাৱহ! দােকান বন্ধ কৰি ঘৰলৈ ওভতাৰ পথত স্কুটীৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ কিশােৰৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। নিজৰ খুড়াকৰ দােকান বন্ধ কৰি পদব্ৰজে ঘৰলৈ যােৱাৰ পথত এখন স্কুটীৰ খুন্দাত প্ৰাণ গ’ল ১৫ বছৰীয়া কিশােৰ অজয় ছেত্ৰীৰ। এই দুৰ্ঘটনা শুকুৰবাৰে নিশা বোকাখাতৰ ডিফলু পথত সংঘটিত হয় । নিহত অজয় ছেত্ৰী নামৰ কিশোৰ বোকাখাত ম’হমাইকী গাঁৱৰ বাসিন্দা। বোকাখাত ডিফলু পথৰ ৰামকৃষ্ণ মন্দিৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। … Read more

ৰক্ষকেই ভক্ষক! ভাৰাতীয়া চােৰেৰে ১২ লক্ষাধিক টকাৰ ম’বাইল চুৰি কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জােৱান

নিউজ ডেস্ক। বিভিন্ন সময়ত চুৰি-ডকাইতিৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে একাংশ অসাধু আৰক্ষীৰ লােক জড়িত হৈ থকা বুলি অভিযােগ উত্থাপিত হৈ আহিছে। তেনে অভিযােগকে সত্য প্ৰমাণিত কৰি ভাৰাতীয়া চােৰৰ জৰিয়তে ম’বাইল প্ৰতিষ্ঠানত চুৰি কাৰ্য সংঘটিত কৰি এগৰাকী গৃহৰক্ষী জােৱান গ্ৰেপ্তাৰ হ’বলগা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানাৰ … Read more

এইবাৰ আফিংসহ গাঁও বুঢ়াক আটক আৰক্ষীৰ

নিউজ ডেস্ক। এইবাৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত পৰিল এগৰাকী গাঁও বুঢ়া। পুৱতি নিশা চাৰি লক্ষাধিক টকা মূল্যৰ আফিংসহ গাঁও প্রধানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গােপন সূত্ৰৰ পম খেদি, কামৰূপ জিলাৰ ৰঙিয়াৰ বঢ়মপুৰ হাটবজালীত চলা আৰক্ষীৰ এই অভিযানত বঢ়মপুৰ হাটবজালী আৰু বৰকুকুৰীয়াৰ গাঁও বুঢ়া ধৰেশ্বৰ কলিতা ওৰফে ধনক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, মহকুমা আৰক্ষী বিষয়াৰ … Read more

মৰ্মান্তিক! অসুস্থ ভতিজাকক লৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাত্ৰা কৰাৰ সময়তে দুৰ্ঘটনাত থিতাতে নিহত একে পৰিয়ালৰ ৩ সদস্য

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। পৰিয়ালৰ সদস্যক চিকিৎসালয়ৰ পৰা ঘৰলৈ নি থকা অৱস্থাত দুৰ্ঘটনাত প্ৰাণ গ’ল একে পৰিয়ালৰ ৩ সদস্যৰ। এই দুৰ্ঘটনা সংঘটিত হ’ল বিশ্বনাথ জিলাৰ চতিয়াৰ গেৰেকীতৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। নিহতকেইজনৰ ঘৰ চতিয়াৰ পুৰণি চেণ্টাৰত। জানিব পৰা মতে, এবছৰীয়া ভতিজা জয়েবক চিকিৎসা কৰাই এ এছ ০৬ জে ১৮০৯ নম্বৰৰ আই-২০ বাহনেৰে ঘৰলৈ … Read more

শোকাৱহ! পুখুৰীত পৰি দশম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। পুখুৰীত পৰি সলিল সমাধি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ। মৃত ছাত্ৰজনৰ নাম ৰােহিত দাস (১৫)। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ নগৰবেৰাত। বিদ্যালয়ৰ পৰা ঘৰ অভিমুখী পথত পুখুৰীত পৰি মৃত্যু ঘটে ৰোহিত দাস(১৫) নামৰ ছাত্ৰ জনৰ। মৃত ছাত্ৰজন নগৰবেৰা আদৰ্শ বিদ্যালয়, দোকুচি’ৰ ছাত্ৰ তথা প্ৰতিবেশী গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত … Read more

ভয়ংকৰ দুৰ্ঘটনা! চলন্ত অৱস্থাত খুলি পৰিল ডাম্পাৰৰ চকা, ডাম্পাৰে প্ৰাণ কাঢ়ি নিলে ৬੦ বছৰীয়া বৃদ্ধৰ

তিনিচুকীয়া জিলাৰ ঢলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা । চলন্ত অৱস্থাতে ডাম্পাৰৰ পৰা বিচ্ছিন্ন হৈ পৰিল চকা। চকা খুলি যোৱাৰ ফলতে ডাম্পাৰে মহতিয়াই নিয়ে এজন ৬০ বছৰীয়া লোকক। মৃত লোকজন ধাদুমৰ মাথো সোণোৱাল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তেজনাই বিৰাজ কৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৰঞ্জিতা গগৈ নামৰ এগৰাকী মহিলাও। … Read more

মৰ্মান্তিক! পুনৰ কৰ্ম সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ যুৱক

নিউজ ডেস্ক। পুনৰ কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হ’ল অসমৰ যুৱক। বিগত ৪ দিন ধৰি কেৰেলাত সন্ধানহীন হৈ আছে ইছশ্ৰাফুল হক নামৰ যুৱকজন। এই যুৱকজনৰ ঘৰ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি গাঁৱত। স্থানীয় আব্দুল ৰেজ্জাকৰ পুত্ৰ ইছশ্ৰাফুল হক একসপ্তাহ পূৰ্বে গাঁৱৰেই কেইজনমান যুৱকৰ লগত কামৰ সন্ধানত কেৰেলালৈ গৈছিল। সোমবাৰে যুৱকজন কেৰেলাৰ আলুৱা ৰেলৱে … Read more

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খালত নামিল বাহন

এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত সোমাল এখন চাৰিচকীয়া বিলাসী বাহন। শিৱসাগৰৰ ডিমৌ থাউৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। জানিব পৰা মতে, মৰাণৰ পৰা ডিমৌ অভিমুখী আছিল এএছ০৪ জেড৩০২২ নম্বৰৰ আই-২০ বাহনখন। দুৰ্ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বাহনখনৰ কিছু ক্ষতিসাধন হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ খাৱৈৰ … Read more