গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ ৭ কেজি অপিয়াম, আটক ২ সৰবৰাহকাৰী…

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ ৭ কেজি অপিয়াম। GRPৰ অভিযানত জব্দ কৰা হয় অপিয়ামখিনি। অপিয়ামখিনিৰ আনুমানিক বজাৰ মূল্য ৭ কোটিৰো অধিক। ঘটনা সন্দৰ্ভত ২জনক আটক আৰক্ষীৰ। দুই ধৃত ৰাজস্থানৰ মনিষ কুমাৰ আৰু কল্লাৰাম। তিনিচুকীয়া-দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে অপিয়ামখিনি। তিনিচুকীয়াৰ পৰা কঢ়িয়াই অনা হৈছিল অপিয়ামখিনি।

শোকাৱহ! মালবাহী ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু…

এক শোকাৱহ ঘটনা। পুনৰ ৰে’লৰ খুন্দাত বন্যহস্তীয়ে হেৰুৱালে প্ৰাণ। লংকাত ৰে’লৰ খুন্দাত এটা হাতীৰ কৰুণ মৃত্যু হৈছে। হাৱাইপুৰ গোসাঁইগাঁওত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই দুর্ঘটনা। ৰে’ল বিভাগৰ হেমাহিত হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে বন বিভাগে। উল্লেখ্য যে, বন বিভাগৰ টহলদাৰী দলে টৰ্চ জ্বলাই ৰে’ল চালকক সংকেট দিয়াৰ পিছতো চালকে ৰে’লৰ গতি নিয়ন্ত্ৰণ কৰা নাছিল বুলিও অভিযোগ তুলিছে … Read more

দুচকীয়া বাহনৰ শ্ব’ৰূম সদৃশ হৈ পৰিছে ৰাজ্যৰ এইখন থানা!

নিউজ ডেস্ক। আৰক্ষী থানা নহয়, যেন বাইকৰ শ্ব’ৰূম! বিভিন্ন কােম্পানীৰ বাইকৰ দীঘলীয়া শাৰী চাবলৈ থানাখনত ভিৰ কৰিছে বিভিন্ন জনে। এই বিশেষ থানাখৰ হৈছে ধেমাজি আৰক্ষী থানা। আপোনাৰ যদি মৰমৰ বাইকখন চুৰি হৈছে বা হেৰাই গৈছে, তেনেহ’লে আপুনি ধেমাজি সদৰ থানালৈ আহিব পাৰে। ৰয়েল এনফিল্ড, হিৰ’হোন্দা, স্কুটী আদি বিবিধ দুচকীয়া বাইকৰ শাৰীৰ মাজত হয়তাে আপুনিও বিচাৰি … Read more

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ, বিস্ফােৰক সামগ্ৰী উদ্ধাৰ

নিউজ ডেস্ক। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ মিছামাৰীৰ অসম-অৰুণাচল সীমান্তত সেনা-আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰৰকসহ মাৰণাস্ত্ৰ। সেনা-আৰক্ষীয়ে এই অভিযানত অসম-অৰুণাচল সীমান্তৱৰ্তী জিৰ’পইণ্টৰ পৰা জব্দ কৰে এই সামগ্ৰীসমূহ। জানিব পৰা মতে, অভিযানত পিষ্টল, হস্ত নিৰ্মিত বন্দুক, বিস্ফােৰক সামগ্ৰী উদ্ধাৰ কৰে যদিও প্ৰকৃততে এইসমূহ নিষিদ্ধ সামগ্ৰীৰ সৈতে কােন জড়িত হৈ আছে, সেইটাে উদঘাটনৰ বাবে প্ৰচেষ্টা চলাইছে সেনা-আৰক্ষীয়ে।

মৰ্মান্তিক! তীব্ৰবেগী যাত্ৰীবাহী আল্ট্ৰা বাছৰ খুন্দাত নিহত এজন

নিউজ ডেস্ক। কামৰূপ জিলাৰ বকাে থানাৰ এলেকাধীন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী যাত্ৰীবাহী আল্ট্ৰা বাছৰ খুন্দাত নিহত এজন লোক। নিহত লোকজনৰ নাম অমৃত ৰাভা, ঘৰ বকোৰ খেনাপাৰা। বকোৰ আগছিয়াত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখনৰ নম্বৰ হৈছে AS01M C8674। জানিব পৰা মতে, ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আছিল যাত্ৰীবাহী আল্ট্ৰা … Read more

কােচ ৰাজ্যৰ পিছত এইবাৰ পৃথক ‘ৰাভা স্বায়ত্ত্বশাসিত ৰাজ্য’ৰ দাবী ৰাভা সংগঠনৰ

নিউজ ডেস্ক। অবিভক্ত গােৱালপাৰা জিলা আৰু পশ্চিম বংগৰ ৬ খন জিলাক সামৰি কেন্দ্ৰীয় চৰকাৰে পৃথক কােচ ৰাজ্য গঠনৰ বাবে প্ৰস্তুতি চলােৱা বুলি প্ৰচাৰিত বাতৰিয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ মাজতে এইবাৰ পৃথক ৰাভা স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী উত্থাপন কৰিছে ৰাভা সংগঠনে। কামৰূপ জিলাৰ ৰাণীৰ পৰা গােৱালপৰা জিলাৰ জয়ৰামকুচিলৈ ব্ৰহ্মপুত্ৰনৈৰ দক্ষিণ পাৰত থকা ৰাভা জনবসতিপূৰ্ণ এলেকাক … Read more

মৰ্মান্তিক! ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

নিউজ ডেস্ক। হোজাইৰ লংকা বজাৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ নাম জুনু বৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01-GC-6990। দুৰ্ঘটনাৰ পিছতে মহিলাগৰাকীক লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে। মৃত মহিলাগৰাকীৰ ঘৰ কাকীৰ মুদৈয়নীত বুলি জানিব পৰা গৈছে। লংকা … Read more

বহিঃৰাজ্যৰ লােকক অসমৰ ভুৱা পিআৰচি যােগান ধৰা চক্ৰ উৎখাত

মহানগৰীৰ আৰক্ষীৰ জালত ভুৱা পিআৰচি’ৰ চক্ৰ। ৪জনক গ্ৰেপ্তাৰ কৰিলে বশিষ্ঠ আৰক্ষীয়ে। দীৰ্ঘদিনে ভুৱা পিআৰচি’ৰ ব্যৱসায় চলাই আহিছিল এই চক্ৰটোৱে। বিশেষকৈ অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ প্ৰাৰ্থীক ভুৱা PRC যােগান ধৰি আহিছিল এই চক্ৰটােৱে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লােককেইজন হৈছে- বিহাৰৰ নীতিশ কুমাৰ, ৰবিশংকৰ, উত্তৰ প্ৰদেশৰ শ্বাহৰুখ চৈফিক আৰু আলীগড়ৰ শিৱমক গ্ৰেপ্তাৰ। উল্লেখ্য যে কিছুদিন আগতেই … Read more

মৰ্মান্তিক! পুখুৰীত মাছ ধৰিবলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ঘৰৰ পিছফালৰ পুখুৰীত বৰশী বাই থাকোতেই পিছলি পৰি দুটি শিশুৰ কৰুণ মৃত্যু। মঙলবাৰে দুপৰীয়া নগাঁৱৰ কৃষ্ণাইখাটত সংঘটিত হৈছে এক কৰুণ ঘটনা। জানিব পৰামতে, কৃষ্ণাইখাটৰ স্থায়ী বাসিন্দা প্ৰদীপ বৰাৰ দুই সন্তান ক্ৰমে হিমাংশু বৰা (৬) আৰু ভূমিকা বৰা (১০) নামৰ দুই শিশুৱে বাৰিৰ পিছফালে থকা এটা পুখুৰীত বৰশী বাই আছিল। পুখুৰীটোত … Read more

চাঞ্চল্যকৰ! লকআপৰ খিৰিকী ভাঙি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন আচামীৰ…

পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা আচামীৰ পলায়নৰ ঘটনা। এইবাৰ কলিয়াবৰৰ উলুৱনী থানাৰ পৰা পলায়ন কৰ এটা আচামীয়ে। পলাতক আচামীটো ঢেকীয়াজুলিৰ সাগৰ উজীৰ বুলি জানিব পৰা গৈছে। সোমবাৰে পুৱা গাঞ্জাসহ আৰক্ষীয়ে আটক হৈছিল সাগৰ উজীৰ। লকআপৰ খিৰিকী ভাঙি পলায়ন কৰে আচামীটোৱে। সম্প্ৰতি আচামীটোৰ সন্ধানত আৰক্ষীৰ অব্যাহত ৰাখিছে অভিযান।