ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খালত নামিল বাহন

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খালত নামিল বাহন

September 2, 2022 Off By NEWS DESK

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত সোমাল এখন চাৰিচকীয়া বিলাসী বাহন।

শিৱসাগৰৰ ডিমৌ থাউৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে, মৰাণৰ পৰা ডিমৌ অভিমুখী আছিল এএছ০৪ জেড৩০২২ নম্বৰৰ আই-২০ বাহনখন।

দুৰ্ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বাহনখনৰ কিছু ক্ষতিসাধন হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ খাৱৈৰ পৰা বাহনখন উদ্ধাৰ কৰে।