৩ বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা, এজাহাৰ দাখিল

৩ বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা, এজাহাৰ দাখিল

September 4, 2022 Off By NEWS DESK

নিউজ ডেস্ক। গােলাঘাট জিলাৰ দেৰগাঁৱৰ কাকডোঙাৰ পৰা মহিলা নিৰুদ্দেশ।

যােৱা ২০ আগষ্টৰ পৰা সন্ধানহীন বেজগাঁৱৰ স্থানীয় নগেন বৰাৰ পত্নী ৰুণু বৰা ৩ বছৰীয়া সন্তানসহ সন্ধানহীন।

এই সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী নগেন বৰাই দাখিল কৰা এজাহাৰ অনুসৰি, গোলাঘাটৰ ফৰকাটিঙৰ মাতৃ গৃহৰ পৰা ৩ বছৰীয়া সন্তানসহ সন্ধানহীন হৈ আছে ৰুণু বৰা।

ঘটনা সন্দৰ্ভত ফৰকাটিং আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

কোনো লোকে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সম্ভেদ পালে আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাইছে ৰুণু বৰাৰ স্বামী নগেন বৰাই।