শোকাৱহ! দুটাকৈ পৃথক দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে দুগৰাকী লোকে…

দেওবাৰে সোণাপুৰত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা।

দুটাকৈ পৃথক দুৰ্ঘটনাত নিহত হয় দুজনকৈ লোক।

প্ৰথমটো দুৰ্ঘটনা সংঘটিত হৈছে ডিগাৰুৰ হাতীমূৰত।

এএছ ০১ইন ৩৮৪০ নম্বৰৰ তীব্ৰবেগী ছুইফট বাহনখনে পথৰ দাতিত থকা এডাল গছত প্ৰচণ্ড খুন্দা মাৰে।

ফলত বাহনখনত থকা চালকজন থিতাতে নিহত হয়।

নিহত লোকজন গৌৰৱ সিং ছেত্ৰী বুলি জানিব পৰা গৈছে।

আনহাতে সোণাপুৰ কপালকাটাত সংঘটিত হয় দ্বিতীয়টো পথ দুৰ্ঘটনা।

এখন ৰখাই থোৱা ট্ৰাকট খুন্দা তীব্ৰবেগী বাইক চালকৰ।

এই দুৰ্ঘটনাট থিতাতে নিহত হয় বাইক আৰোহীজন।

বৰ্তমানেও নিহত বাইক আৰোহীজনক চিনাক্ত কৰিব পৰা হোৱা নাই।

Leave a Comment