বৃহৎ সংখ্যক মাৰণাস্ত্ৰসহ পুনৰ গ্ৰেপ্তাৰ কুখ্যাত অপৰাধী অনিল চৌহান…

বৃহৎ সংখ্যক মাৰণাস্ত্ৰসহ পুনৰ গ্ৰেপ্তাৰ কুখ্যাত অপৰাধী অনিল চৌহান…

September 6, 2022 Off By NEWS DESK

গাড়ী চুৰি চক্ৰৰ অন্যতম কুখ্যাত অপৰাধী হিচাপে পৰিচিত অনিল চৌহান পুনৰ আৰক্ষীৰ জালত।

এইবাৰ বৃহৎ সংখ্যক মাৰণাস্ত্ৰসহ দিল্লী আৰক্ষীৰ জালত পৰিছে অনিল চৌহান।

দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অনিল চৌহানৰ জিম্মাৰ পৰা জব্দ কৰা হৈছে ৬ টা হস্তনিৰ্মিত পিষ্টল, ৭টা কাৰ্টিজ, এখন চাৰিচকীয়া বাহন আৰু এখন বাইক।

দেশবন্ধু গুপ্তা ৰোডৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চৌহানক।

দিল্লী, মুম্বাই আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত আছে চৌহানৰ সা-সম্পত্তি। গুৱাহাটীৰ ডাউন-টাউনতো আছে অনিল চৌহানৰ বিশাল অট্টালিকা।

সম্প্ৰতি চৌহানক জেৰা চলাইছে দিল্লী আৰক্ষীয়ে।

উল্লেখ্য যে এই কুখ্যাত অপৰাধী অনিল চৌহান ৫ হাজাৰৰাে অধিক গাড়ী চুৰিৰ ঘটনাৰ সৈতে জড়িত।

অনিল চৌহানৰ বিৰুদ্ধে দেশজুৰি ৰুজু হৈ আছে ১৮১ টাতকৈ অধিক অপৰাধজনিত ঘটনাৰ গােচৰ।

শেহতীয়াকৈ চোৰাং অস্ত্ৰ সৰবৰাহতো জড়িত হৈ পৰিছিল কুখ্যাত গাড়ীচোৰটো। উত্তৰ-পূবৰ নিষিদ্ধ সংগঠনলৈ অস্ত্ৰ যোগান ধৰাৰ গুৰুতৰ অভিযোগ।

চৌহানৰ বিৰুদ্ধে আছে কেইবাজনো গাড়ী চালকক হত্যাৰ অভিযোগ। EDতো ৰুজু হৈ আছে মানি লণ্ডাৰিঙৰ গোচৰ।

ইয়াৰ পূৰ্বে ২০১৫ চনত দিছপুৰ আৰক্ষীৰ জালত পৰিছিল অনিল চৌহান।