সুদখোৰৰ ত্ৰাস! সুদখোৰৰ আতিশয্যৰ বলি হৈ চৰম পথ বাছি ল’লে ডাকঘৰৰ কৰ্মচাৰীয়ে…

পুনৰ ৰাজ্যত কাবুলিৱালাৰ আতিশয্যৰ বলি হৈ চৰম পথ বাছি ল’বলগীয়া হ’ল এগৰাকী লোকৰ।

সুদখোৰৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি ল’লে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে।

এইবাৰ ঘটনাৰ স্থান শোণিতপুৰৰ বালিপৰা।

সুদখোৰ কাবুলিৱালাৰ পৰা টাক ধাৰে লৈ সময়মতে সুদ পৰশােধ কৰিব নােৱৰাৰ বাবেই চৰম হাৰাশাস্তিত সন্মুখীন হৈ চৰম পথ বাছি ল’লে ডাক বিভাগৰ কৰ্মচাৰী কৃষ্ণ ওৰাঙে।

জানিব পৰা মতে, সময়মতে সুদ দিব নোৱৰাৰ বাবেই কাবুলিৱালাই লােকজনৰ বাইক, ATM কাৰ্ড কাঢ়ি লৈ যায়। লগতে ৰাজহুৱাভাৱে অপদস্থ কৰে কৃষ্ণ ওৰাঙক।

উল্লেখ্য যে, ৫জন লোকৰ পৰা টকা সুদলৈ লৈছিল কৃষ্ণ ওৰাঙে। কিন্তু হাজাৰ টকাৰ সুদ হ’লগৈ লাখ লাখ টকা।

ইয়াৰ পৰিণতিতে খনামুখৰ অকাবস্তিত আত্মহত্যা কৰে ডাক বিভাগৰ কৰ্মচাৰী কৃষ্ণ ওৰাঙে।

ইতিমধ্যেই কৃষ্ণ ওৰাঙৰ পত্নীৰ এজাহাৰৰ ভিত্তিত তিনিজন সুদখোৰক আটক কৰিছে আৰক্ষীয়ে।

আটক অনিল দাস, মাংগিন খান আৰু ওমৰ আলী খান।

মূল অভিযুক্ত আন্নছ খান আৰু আজাদ খান বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে।

Leave a Comment