মৰ্মান্তিক! ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

মৰ্মান্তিক! ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

September 7, 2022 Off By NEWS DESK

নিউজ ডেস্ক। হোজাইৰ লংকা বজাৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ।

মৃত মহিলাগৰাকীৰ নাম জুনু বৰা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01-GC-6990।

দুৰ্ঘটনাৰ পিছতে মহিলাগৰাকীক লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে।

মৃত মহিলাগৰাকীৰ ঘৰ কাকীৰ মুদৈয়নীত বুলি জানিব পৰা গৈছে।

লংকা বজাৰৰ সন্মুখত পথৰ দুৰাৱস্থাৰ বাবেই এনে মৰ্মান্তিক ঘটনা সংঘটিত হ’ল বুলি স্থানীয় ৰাইজৰ অভিযোগ।

ঘটনাৰ পিছতে উত্তেজিত ৰাইজে লংকা-নগাঁও সংযোগী পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে আটক কৰিছে চালকজনক।