
ট্ৰেক্টৰেৰে হাল বাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু এজন যুৱকৰ…
September 16, 2022এক শোকাৱহ পথ দুৰ্ঘটনা।
ট্ৰেক্টৰেৰে হাল বাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু এজন যুৱকৰ।
নিহত যুৱকজন হৈছে মৰাণৰ ২নং মাধকলিৰ নিবাসী দেৱৰাজ গোৱালাৰ ২৭ বছৰীয়া পুত্ৰ বিতুপণ গোৱালা।
দুৰ্ঘটনাটো সংঘটিত হয় অৰুণাচলৰ ডিৰাক গে’টৰ মহালনীত।
জানিব পৰামতে, বিতুপণ গোৱালাই বৃহস্পতিবাৰে অৰুণাচলৰ ডিৰাক গে’টৰ মহালনীত ট্ৰেক্টৰেৰে হাল বাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ ঘটাস্থলীতে মৃত্যু ঘটে।
কৰ্মসূত্ৰে অৰুণাচলত থকা বিতুপণ গোৱালাৰ মৃতদেহ স্ব-গৃহ আহি পোৱাৰ পিছত শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে অঞ্চজুৰি শোকৰ ছাঁ পৰে।