
বস্তাত ভৰাই সৰবৰাহৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ অভিযানত উদ্ধাৰ ৩১ টাকৈ কুকুৰ…
September 16, 2022চোৰাং গৰু নহয়, ৰজ্যৰ পৰা গোপনে সৰবৰাহ হৈ আহিছে কুকুৰ।
আৰক্ষীৰ অভিযানত উদ্ধাৰ ৩১ টাকৈ দেশীয় জাতৰ কুকুৰ।
শুকুৰবাৰে বোকাখাতৰ কুৰুৱাবাহীৰ পৰা বোকাখাত আৰক্ষীয়ে পথৰ কাষৰ পৰা বস্তাত ভৰাই ঠেং, মুখ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় কুকুৰ কেইটা।
ইফালে ৩১ টাকৈ কুকুৰ জব্দ কৰি বিপাঙত পৰিছে বোকাখাত আৰক্ষী।
কুকুৰ সমূহ ক’ত কেনেকৈ ৰাখিব সেই লৈ চিন্তিত হৈ পৰিছে আৰক্ষী।
অৱশ্যে কোনে, ক’লৈ কুকুৰ সমূহ নিয়াৰ যো জা কৰিছিল সেইয়া এতিয়াও নিশ্চিত হোৱা নাই বোকাখাত আৰক্ষী।
কুকুৰ সৰবৰাহৰ চক্ৰটোক উৎখাত কৰিবলৈ তদন্ত অৱ্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে।