প্ৰাকৃতিক পৰিৱেশত পৰম্পৰাগত ঘোঁৰা খেল প্ৰতিযোগিতা, খেল চাবলৈ হাজাৰ-হাজাৰ দৰ্শকৰ ভিৰ…

প্ৰাকৃতিক পৰিৱেশত পৰম্পৰাগত ঘোঁৰা খেল প্ৰতিযোগিতা, খেল চাবলৈ হাজাৰ-হাজাৰ দৰ্শকৰ ভিৰ…

September 19, 2022 Off By NEWS DESK

হাজোৰ পাঠান চৰত অনুষ্ঠিত হয় পৰম্পৰাগত ঘোঁৰা খেল প্ৰতিযোগিতা।

তীৰ্থনগৰী হাজোৰ পাঠান চৰত অনুষ্ঠিত কৰা হৈছে পৰম্পৰাগত ঘোঁৰা খেল প্ৰতিযোগিতা।

পাঠান চৰ শুকুৰবেৰীয়া বজাৰত অনুষ্ঠিত কৰা এই ঘোঁৰা খেল চাবলৈ ওলাই আহিল হাজাৰ হাজৰ মানুহ।

শুকুৰবেৰীয়া বজাৰ কমিটিৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত কৰা হয় এই ঘোঁৰা খেল প্ৰতিযোগিতা।

হাজোৰ টাঙনমাৰী, টাপাবড়ীকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৮টাকৈ ঘোঁৰাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

উপস্থিত খেল প্ৰেমী ৰাইজে এই ঘোঁৰা দৌৰ প্ৰতিযোগিতা চাই বেচ আমোদ লাভ কৰে।

প্ৰতিযোগিতাত প্ৰথম স্থান আৰু দ্বিতীয় স্থান প্ৰাপকক একোটাকৈ পিতলৰ কলম পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়।