আৰক্ষীয়ে জ্বলাই ধ্বংস কৰিলে জব্দকৃত চােৰাং বাৰ্মিজ চুপাৰি

আৰক্ষীয়ে জ্বলাই ধ্বংস কৰিলে জব্দকৃত চােৰাং বাৰ্মিজ চুপাৰি

September 20, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে।

এই অভিযানৰ সময়ত জব্দ হৈছে কােটি কােটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি।

কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে জব্দ কৰা চুপাৰি দাহ।

জানিব পৰা মতে, আৰক্ষীয়ে কিছুদিন পূৰ্বে শ্ৰীৰামপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰিছিল অবৈধভাৱে সৰবৰাহ কৰা চুপাৰিখিনি।

উক্ত জব্দকৃত চুপাৰিখিনি সোমবাৰে আৰক্ষীয়ে শ্ৰীৰামপুৰত দাহ কৰি ধ্বংস কৰে।

আৰক্ষীয়ে ৩২ বস্তাত ২ হাজাৰ ২৪০ কিলােগ্ৰাম চুপাৰি দাহ কৰে।

দাহ কৰা চুপাৰিখিনিৰক বজাৰ মূল্য প্ৰায় ৭ লক্ষাধিক টকা।