প্ৰাক্তন শিক্ষামন্ত্ৰীৰ আহ্বানৰ পিছতে চাকৰিৰ পৰা নিলম্বন টেট শিক্ষক ভিক্টৰ দাসক

প্ৰাক্তন শিক্ষামন্ত্ৰীৰ আহ্বানৰ পিছতে চাকৰিৰ পৰা নিলম্বন টেট শিক্ষক ভিক্টৰ দাসক

September 20, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন।

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তোলা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন।

শিক্ষা সঞ্চালকে নিলম্বন কৰে ভিক্টৰ দাসক।

কিছুদিন পূৰ্বে চৰকাৰী নিযুক্তিত কেলেংকাৰীৰ অভিযোগ তুলি উপযুক্ত তথ্য দিব নোৱাৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক।

প্ৰায় একসপ্তাহ আৰক্ষীৰ জিম্মাত কটোৱাৰ পিছত অন্তৱৰ্ত্তীকালীন জামিন লাভ কৰিছিল ভিক্টৰ দাসে।

উল্লেখ্য যে, ভিক্টৰ দাসে ক’চিং চেণ্টাৰৰ চলাই থকাৰ লগতে এগৰাকী টেট শিক্ষক আছিল।

এদিন‌ পূৰ্বে প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বনৰ আহ্বান জনাইছিল চৰকাৰক।