ভয়ংকৰ দুৰ্ঘটনা! মালবাহী মেজিকত বলেৰ’ পিকআপৰ প্ৰচণ্ড খুন্দা, থিতাতে নিহত দুই মহিলা

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

মালবাহী মেজিকত বলেৰ’ পিকআপে খুন্দিওৱাৰ ফলত দুগৰাকী মহিলাৰ মৃত্যু।

তিনিচুকীয়া জিলাৰ লংছোৱালৰ গুৰুকুলৰ সমীপত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ উপৰি গুৰুত্বৰভাৱে আহত হয় আন দুগৰাকী মহিলা।

জানিব পৰা মতে মহিলা কেইগৰাকীয়ে সপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰি তিনিচুকীয়ালৈ উভতি গৈ থকাৰ পথে দুৰ্ঘটনাটো সংঘটিত হয়।

মহিলা কেইগৰাকীয়ে তিনিচুকীয়াৰ পৰা শদিয়া অভিমুখে এখন বস্তু কঢ়িওৱা মেজিকত গৈ আছিলে। সেই সময়তে একে দিশৰ পৰা গৈ থকা এখন বলেৰ’ পিকআপ বাহনে মেজিক খনক পাছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে।

দুৰ্ঘটনাগ্ৰস্ত মালবাহী মেজিকখনৰ নম্বৰ AS 23 CC 8666 আৰু বলেৰ’ পিকআপ বাহন খনৰ নম্বৰ AS 23 CC 7848 ।

নিহত হোৱা মহিলা দুগৰাকী শদিয়া ন-তৰাণী গাঁৱৰ বুলি জানিব পৰা গৈছে।

আনহাতে আহত হোৱা মহিলা দুগৰাকীক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰা লগতে দুৰ্ঘটনা পতিত কৰা বলেৰ’ পিকআপ খনৰ সহ চালকক কৰায়ত্ব কৰে।