শোকাৱহ! পুনৰ বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু…

শোকাৱহ! পুনৰ বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু…

October 5, 2022 Off By NEWS DESK

এক শোকাৱহ ঘটনা।

পুনৰ বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু।

কোকৰাঝাৰত কচুগাঁৱৰ পেৰিপুৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু।

গোঁসাইগাঁও মহকুমাৰ কচুগাঁও বনাঞ্চলৰ ট্ৰাম ৰেঞ্জৰ অধীনত পেৰিপুৰ ফৰেষ্ট ভিলেজত সংঘটিত হয় এই কৰুণ ঘটনাটো।

বিদ্যুতৰ তাঁৰ সমূহ জোখতকৈ বেছি তলত ওলমি থকাৰ ফলত তাঁৰৰ সংস্পৰ্শলৈ আহি হাতীটোৰ মৃত্যু হয়।

নিশা হাতীৰ এটা জাকে পেৰিপুৰ গাঁৱত প্ৰৱেশ কৰি মানুহৰ ঘৰ টহিলং কৰি ওলাই যোৱাৰ সময়তে হাতীটোৰ শুৰেৰে বিদ্যুৎ পৰিবাহী তাৰত স্পৰ্শ হয়।

১১হাজাৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাবটি লয় মতা হাতীটোৱে।