মাৰণাস্ত্ৰসহ সেনা-আৰক্ষীৰ জালত তিনি নগা যুবক, 9mm পিষ্টলসহ সজীৱ গুলী জব্দ…

সেনা-আৰক্ষীৰ জালত পৰিছে পিষ্টলসহ তিনিজন নগা যুবক।

মেৰাপানী সীমান্তত পিষ্টলসহ তিনি যুৱকক আটক কৰিছে সেনা-আৰক্ষীয়ে।

অসম-নাগালেণ্ড সীমান্তৰ আপাৰ মেৰাপানী এলেকাৰ পৰা আছাম ৰাইফলছৰ এটা দলে দুই জাই সজীৱ গুলী, ৯ এম এম পিষ্টলসহ নগা যুৱককেইজনক আটক কৰে।

পিষ্টলটোৰ উপৰি অভিযানকাৰী সেনাৰ দলটোৱে ধৃত যুৱককেইজনৰ পৰা আধাৰ কাৰ্ড, এ টি এম কার্ড, ভোটাৰ কার্ড, পাঁচটা ম’বাইল ফোন, এ এছ-০১ ইউ-১২২৩ নম্বৰৰ এখন মাৰুতি অল্ট’ বাহন আৰু এ এছ-০৩ জে-৫৪২৩ নম্বৰৰ পঞ্জীয়নভুক্ত এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে।

আটকাধীন যুৱককেইজন ক্ৰমে মাথান অডিঅ’ (৪২), চেম টকপি (৩৭) আৰু কামলেং থান (৩৭) বুলি চিনাক্ত কৰা হৈছে।

ধৃত তিনি যুৱকৰ ঘৰ নাগালেণ্ডৰ ৰখা জিলাৰ ভাণ্ডাৰী এলেকাত বুলি জানিব পৰা গৈছে।

সেনাৰ দলটোৱে আটকাধীন নগা যুৱককেইজনক প্ৰথমে মেৰাপানী থানাত গতাই দিছিল যদিও পিচত নাগালেণ্ডৰ ভাণ্ডাৰী থানালৈ হস্তান্তৰ কৰে।