ৰহস্যজনক! কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ যুৱক, পৰিয়ালত হাহাকাৰ…

পুনৰ বহিঃৰাজ্যত সন্ধানহীন এগৰাকী অসমৰ যুৱক। কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হোৱা যুৱকজন ৰূপহীহাট কুমাৰ গাঁৱৰ টুটা মিঞাৰ পুত্ৰ ছাদিকুল ইছলাম বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ছাদিকুল ইছলাম বিগত তিনিমাহ পূৰ্বেই চুবুৰীয়া আছিকুল হক নামৰ যুৱক এজনৰ লগত কৰ্মসূত্ৰে কেৰেলালৈ গৈছিল। দুমাহমান কেৰেলাত কাম কৰাৰ পিছত তেওঁলোক তামিলনাডুলৈ কাম কৰিবলৈ গৈছিল। কিন্তু তাৰপিছৰ … Read more

হাৰ্ডিক পাণ্ডিয়াৰ দুৰ্দান্ত বেটিং! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৫টা বলতে অৰ্ধশতক অৰ্জন…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ মেচত ভাৰতীয় ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়াৰ দুৰ্দান্ত বেটিং। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৫টা বলতে অৰ্ধশতক অৰ্জন পাণ্ডিয়াৰ। মেচখনত ৩০টা বলত মুঠ ৭১ ৰান সংগ্ৰহেৰে অপৰাজেয় হৈ ৰয় অল ৰাউণ্ডাৰ ক্ৰিকেটাৰগৰাকী। ভাৰতে প্ৰথমে বেটিঙ কৰি কে এল ৰাহুল আৰু হাৰ্ডিক পাণ্ডিয়াৰ দৰ্শনীয় অৰ্ধ শতকৰ সহায়ত বিপক্ষ অষ্ট্ৰেলিয়াক জয়ৰ বাবে ২০৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। পাণ্ডিয়াই … Read more

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যােৱা অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক। কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ পুনৰ ৰহস্যজনকভাৱে মৃত্যু অসমৰ বাসিন্দাৰ। চেন্নাইত মৃত্যু গােলাঘাট জিলাৰ নুমলীগড়ৰ মুৰফুলনীৰ কৰ্দৈগুৰিৰ যুৱতী ভানু দাসৰ। জানিব পৰা মতে, ৮ মাহ পূৰ্বে সন্ধানহীন হৈ আছিল যুৱতীগৰাকী। সন্ধানহীন হোৱাৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে বগীজান থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে। মুৰফুলনীৰ ভানু … Read more

আৰক্ষীয়ে জ্বলাই ধ্বংস কৰিলে জব্দকৃত চােৰাং বাৰ্মিজ চুপাৰি

নিউজ ডেস্ক। ৰাজ্যজুৰি অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে। এই অভিযানৰ সময়ত জব্দ হৈছে কােটি কােটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে জব্দ কৰা চুপাৰি দাহ। জানিব পৰা মতে, আৰক্ষীয়ে কিছুদিন পূৰ্বে শ্ৰীৰামপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰিছিল অবৈধভাৱে সৰবৰাহ কৰা চুপাৰিখিনি। উক্ত জব্দকৃত চুপাৰিখিনি সোমবাৰে … Read more

শােকাৱহ! দুৰ্ঘটনাত পতিত তীব্ৰবেগী বাহন, থিতাতে মৃত্যু পিতৃহাৰা শিশুৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছৰ মূঢ়াত প্ৰচণ্ড খুন্দা ব্যক্তিগত চাৰিচকীয়া বাহনৰ। গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰীৰ আমিনকাটাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে, AS 19R 2778 নম্বৰৰ চাৰিচকীয়া বাহনখনে ভাওৰাগুৰীৰ পৰা ধুবুৰী অভিমুখে গৈ থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত গাড়ীখনত থকা ভাওৰাগুৰীৰ আহমেদপুৰৰ প্ৰয়াত মতিউৰ … Read more

প্ৰাক্তন শিক্ষামন্ত্ৰীৰ আহ্বানৰ পিছতে চাকৰিৰ পৰা নিলম্বন টেট শিক্ষক ভিক্টৰ দাসক

নিউজ ডেস্ক। ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন। ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তোলা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন। শিক্ষা সঞ্চালকে নিলম্বন কৰে ভিক্টৰ দাসক। কিছুদিন পূৰ্বে চৰকাৰী নিযুক্তিত কেলেংকাৰীৰ অভিযোগ তুলি উপযুক্ত তথ্য দিব নোৱাৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক। প্ৰায় একসপ্তাহ আৰক্ষীৰ জিম্মাত কটোৱাৰ পিছত অন্তৱৰ্ত্তীকালীন জামিন লাভ কৰিছিল ভিক্টৰ দাসে। … Read more

চাঞ্চল্যকৰ! পিতৃ-মাতৃ অজ্ঞাতে ঘৰৰ পৰা সন্ধানহীন পাহী, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা! কেইবাদিন ধৰি সন্ধানহীন এগৰাকী কিশোৰীক লৈ চৰাইদেউত চাঞ্চল্য। বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে চৰাইদেউ সাপেখাতীত লংপতীয়াৰ এগৰাকী কিশোৰী। সন্ধানহীন কিশোৰীগৰাকী স্থানীয় সুৰেণ গগৈ আৰু দীপশিখা গগৈৰ একমাত্ৰ কন্যা পাহী গগৈ বুলি জানিব পৰা গৈছে। দৰিদ্ৰ পিতৃ-মাতৃয়ে ঘৰৰ পৰা কাম কৰিবলৈ যাওঁতেই কিশোৰীগৰাকী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকী কি কাৰণত ঘৰৰ … Read more

আৰক্ষীৰ অভিযানত জব্দ ডেৰ কোটি টকা মূল্যৰ হেৰ’ইন, এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান। এইবাৰ কামৰূপৰ ৰঙিয়াৰ কেকেনিকুছিত ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে আরক্ষীয়ে। লগতে বহিঃৰাজ্যৰ হেৰ’ইন সৰবৰাহকাৰী এজনক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰঙিয়াৰ সমীপৰ মৰাণজানা গাঁও পঞ্চায়তৰ অধীনৰ কেকেনিকুছিত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে চলোৱা এক অভিযানত এটা ভাড়া … Read more

আজি সুৰশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন…

আজি সুৰশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন ৷ জন্মদিনত দৰদী শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ ৰাজ্যবাসীৰ ৷ ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ তথা অসমীয়া সংগীতৰ এক উজ্জল নক্ষত্ৰস্বৰূপ জয়ন্ত হাজৰিকাৰ জন্মদিন উপলক্ষে বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা জয়ন্ত হাজৰিকাই সৃষ্টি কৰিবলৈ সক্ষম হৈছিল অসমীয়া … Read more

২৩ ছেপ্টেম্বৰত হ’ব অসম আৰক্ষীৰ নিযুক্তি পত্ৰ বিতৰণ…

২৩ ছেপ্টেম্বৰত হ’ব আৰক্ষীৰ নিযুক্তি পত্ৰ বিতৰণ। ২২ৰ পৰিৱৰ্তে ২৩ ছেপ্টেম্বৰত বিতৰণ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। পূৰ্বে ২২ ছেপ্টেম্বৰত খানাপাৰাত বিতৰণ কৰাৰ কথা আছিল নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ বিতৰণ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল DGP-এ। ২২ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত উপস্থিত থাকিবলৈ জাৰি কৰিছিল নিৰ্দেশনা।