চাঞ্চল্যকৰ! দুই কণমানি সন্তানসহ সন্ধানহীন এগৰাকী মাতৃ, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা। দুই কণমানি সন্তানসহ সন্ধানহীন এগৰাকী মাতৃ। গুৱাহাটীৰ মাতৃৰ গৃহৰ পৰা স্ব-গৃহলৈ উভতি যোৱাৰ পথত সন্ধানহীন দুই সন্তানসহ মাতৃ। বিশ্বনাথৰ বৰকুৰা গাঁৱত সংঘটিত হৈছে এই ঘটনাটো। সন্ধানহীন মহিলাগৰাকী বিশ্বনাথৰ বালিচাং অঞ্চলৰ অঞ্জলী চাৱাসী। আনহাতে মাতৃৰ সৈতে সন্ধানহীন হোৱা দুই শিশু ক্ৰমে ইউৰো চাৱাসী (কন্যা) আৰু নিহাল চাৱাসী (পুত্ৰ)। জানিব পৰামতে, মহিলাগৰাকীয়ে দুই সন্তান … Read more

অসমতো পহিলা নৱেম্বৰৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হ’ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা…

অসমতো আৰম্ভ হ’ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা। দেশৰ জনগণক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ অহা পহিলা নৱেম্বৰত অসমৰো ধুবুৰীৰ পৰা আৰম্ভ হ’ব। অসমত ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰা সমাপ্ত হ’ব শদিয়াত। গুৱাহাটীত সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জয়ৰাম … Read more

ট্ৰেক্টৰেৰে হাল বাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু এজন যুৱকৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰেক্টৰেৰে হাল বাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু এজন যুৱকৰ। নিহত যুৱকজন হৈছে মৰাণৰ ২নং মাধকলিৰ নিবাসী দেৱৰাজ গোৱালাৰ ২৭ বছৰীয়া পুত্ৰ বিতুপণ গোৱালা। দুৰ্ঘটনাটো সংঘটিত হয় অৰুণাচলৰ ডিৰাক গে’টৰ মহালনীত। জানিব পৰামতে, বিতুপণ গোৱালাই বৃহস্পতিবাৰে অৰুণাচলৰ ডিৰাক গে’টৰ মহালনীত ট্ৰেক্টৰেৰে হাল বাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ ঘটাস্থলীতে মৃত্যু ঘটে। কৰ্মসূত্ৰে … Read more

ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাক আৰু ই-ৰিক্সাৰ সংঘৰ্ষত থিতাতে নিহত এগৰাকী ই-ৰিক্সা চলক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু ই-ৰিক্সাৰ সংঘৰ্ষত থিতাতে নিহত এগৰাকী ই-ৰিক্সা চলক। কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ কচুগাঁও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনা। নিহত ই-ৰিক্সাচলকজন কচুগাঁৱৰ বালাৰ দং গাঁৱৰ বাৰ্থুল মাৰ্ডি বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, গোঁসাইগাঁৱৰ পৰা চেৰফাংগুৰি অভিমুখে গৈ থাকোতে এখন ট্ৰাকে খুন্দা মাৰে ই-ৰিক্সাখনত। দুৰ্ঘটনা সংঘটিত কৰি … Read more

বস্তাত ভৰাই সৰবৰাহৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ অভিযানত উদ্ধাৰ ৩১ টাকৈ কুকুৰ…

চোৰাং গৰু নহয়, ৰজ্যৰ পৰা গোপনে সৰবৰাহ হৈ আহিছে কুকুৰ। আৰক্ষীৰ অভিযানত উদ্ধাৰ ৩১ টাকৈ দেশীয় জাতৰ কুকুৰ। শুকুৰবাৰে বোকাখাতৰ কুৰুৱাবাহীৰ পৰা বোকাখাত আৰক্ষীয়ে পথৰ কাষৰ পৰা বস্তাত ভৰাই ঠেং, মুখ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় কুকুৰ কেইটা। ইফালে ৩১ টাকৈ কুকুৰ জব্দ কৰি বিপাঙত পৰিছে বোকাখাত আৰক্ষী। কুকুৰ সমূহ ক’ত কেনেকৈ ৰাখিব … Read more

ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

অৱশেষত জামিন লাভ কৰিলে ভিক্টৰ দাসে। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত মধ্যভােগী চক্ৰ সক্ৰিয় হৈ থকা বুলি টুইটাৰৰ জৰিয়তে অভিযােগ দাখিল কৰি আইনৰ ৰােষত পৰা ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২৯ ছেপ্তেম্বৰলৈকে অন্তৱৰ্তীকলীন জামিন লাভ কৰিছে ভিক্টৰে। ২৯ তাৰিখে পুনৰ তেওঁ আদালতত উপস্থিত হ’ব লাগিব ভিক্টৰ দাসে। উল্লেখ্য যে … Read more

মৰ্মান্তিক! বজ্ৰপাতত প্ৰাণ গ’ল পিতৃৰ, পিতৃহাৰা হ’ল দুই কণমানি

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নিমিষতে চৰম দুৰ্যােগ নামিল আহিল এটি দৰিদ্ৰ পৰিয়াললৈ। পথাৰত ঘাঁহ কাটিবলৈ গৈ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ এলেকাধীন বৰাজোল পাণবাৰীত বজ্ৰপাতত প্ৰাণ গ’ল এজনৰ লােকৰ। মৃত লোকজন স্থানীয় বাসিন্দা ধৰণী কলিতা বুলি জানিব পৰা গৈছে। জানিব পৰামতে, ধৰণী কলিতাই পথাৰত ঘাঁহ কাটি থকা সময়তে বজ্ৰপাত পৰাত লোকজন ঠাইতে ঢলি পৰে। পিছত … Read more

ব্যক্তিগত বাহনৰ পৰা জব্দ ১৮ টাকৈ ছাগলী, ধৃত ৩ চােৰাং সৰবৰাহকাৰী

নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ মৰাণত সংঘটিত হৈছে এক আজব ঘটনা। চাৰিচকীয়া ব্যক্তিগত বাহনৰ পৰা জব্দ ১৮ টাকৈ ছাগলী। এই ঘটনাৰ লগত জড়িত ৩টা গভাইত চোৰক গ্ৰেপ্তাৰ মৰাণ আৰক্ষীৰ। জানিব পৰা মতে, যোৰহাটৰ দিশৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা AS04 E 2007 নম্বৰৰ চেন্ট্ৰ’ বাহনত অবৈধভাৱে সৰবৰাহ কৰা হৈছিল ১৮টাকৈ ছাগলী। তেনে সময়তে মৰাণ আৰক্ষীৰ নিয়মীয়া তালাচীৰ … Read more

মৰ্মান্তিক! পথাৰলৈ গৰু আনিবলৈ গৈ ব্ৰজপাতত প্ৰাণ গ’ল মহিলাৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। পথাৰলৈ গৰু আনিবলৈ গৈ ব্ৰজপাতত প্ৰাণ গ’ল মহিলাৰ। বোকাজানৰ টিংলিজানৰ দ-হোলা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। নিহত মহিলাগৰাকী পুতু মেচ বুলি জানিব পৰা গৈছে। পুতু মেচৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ আৰক্ষীৰ। এই ঘটনাকলৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ অসমৰ যুৱক

নিউজ ডেস্ক। পেটৰ ক্ষুধা নিবাৰণৰ বাবে কৰ্ম সংস্থাপন বিচাৰি ওলাইগৈছিল বহিঃৰাজ্য কেৰেলালৈ। কিন্তু ইয়াৰ পিছতে বিগত ২১টা দিনে সন্ধান নাই অসমৰ যুৱকজনৰ। নিৰুদ্দিষ্ট যুৱকজন নগাঁও জিলাৰ ধিঙৰ কটহগুৰি গাঁৱৰ জাকিৰ হুছেইনৰ পুত্ৰ শ্বহীদুল ইছলাম। জানিব পৰামতে, ২১আগষ্টত কৰ্মৰ সন্ধানত ঘৰৰ পৰা গৈছিল কেৰেলালৈ। কেৰেলালৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। … Read more